Live Love Laugh...
लेख. 19 अगस्त, 2018 को प्रकाशित

মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা লোকৰ সৈতে ভাৱ বিনিময়

মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা লোকৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰাটো যথেষ্ট জটিল কাম। এনে সমস্যা ভোগা আপোনাৰ প্ৰিয়জনক সহায় কৰাৰ ক্ষেত্ৰত আটাইতকৈ দৰকাৰী কথাটো হৈছে- তেওঁলোকক সন্মান আৰু সহানুভূতিৰ দৃষ্টিৰে চোৱা। ডিপ্ৰেচন, এংযাইটি (মানসিক উদ্বিগ্নতা) বা অইন যিকোনো মানসিক সমস্যাত ভোগা লোকসকল প্ৰায়ে একাকীত্ব আৰু নিসংগ অনুভৱ কৰা দেখা যায়। সেইকাৰণে এনেলোকৰ মুখামুখি হওঁতে তেওঁলোকৰ প্ৰতি যথেষ্ট সহানুভূতিশীল হ’ব লাগে আৰু নিজৰ কোনো মত দিব নালাগে। এনে আচৰণে তেওঁলোকে এই সমস্যাৰ পৰা মুক্তি পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

চকুলো আৰু পাৰভঙা আবেগৰ মুখামুখি হ’বলৈ নিজকে সাজু কৰি ৰাখক

তেওঁলোকৰ লগত কথা –বতৰা পাতিবলৈ যোৱাৰ পূৰ্বে তেওঁলোকে কেনে আচৰণ কৰিব পাৰে সেই বিষয়ে পূৰ্বানুমান কৰি লোৱা ভাল, যাতে তেওঁলোকৰ যিকোনো প্ৰতিক্ৰিয়াৰ আপুনি স্বাভাৱিকভাৱে মুখামুখি হ’ব পাৰে। সদায় মনত ৰাখিব যে তেওঁ ভয়ংকৰ যন্ত্ৰণাত থাকিব পাৰে, খঙত থাকিব পাৰে বা আপোনাৰ সন্মুখত ভাগি পৰিব পাৰে। কিয়নো তেওঁলোক আবেগিকভাৱে এক দুৰ্বল অৱস্থাত থাকিব পাৰে। নাইবা তেওঁ আপোনাৰ লগত অচিনাকিৰ দৰে আচৰণ কৰিব পাৰে, সম্পূৰ্ণ নিৰাবেগ নিৰ্বিকাৰ হৈ থাকিব পাৰে। এই দুয়োবিধৰ প্ৰতিক্ৰিয়াই এনে সমস্যাত ভুগি থকা লোকৰ ক্ষেত্ৰত প্ৰায়ে দেখা যায়। এই দুয়োবিধ প্ৰতিক্ৰিয়াৰ মুখামুখি হোৱাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিলে আপুনি তেওঁলোকৰ সন্মুখত অসহজ অৱস্থাত নপৰে।

তেওঁলোকে অংকন কৰা চাৰিসীমাক সন্মান কৰক

মনত ৰাখিব যে প্ৰত্যেকজন ব্যক্তিৰ মানসিক স্তৰ সুকীয়া আৰু প্ৰতিগৰাকী ব্যক্তিৰ বেলেগ বেলেগ আৱেগিক প্ৰয়োজন থাকে। কোনোলোকে হয়তো তেওঁলোকৰ গাত ধৰি সান্তনা দিয়াটো বিচাৰিব পাৰে আনহাতে অইন কিছুমানে নিজৰ বাবে অলপ ঠাই বিচাৰিব পাৰে। এই ক্ষেত্ৰত আপুনি যদি খুব এটা স্পষ্ট নহয়, তেতিয়া হ’লে তেওঁলোকে কি বিচাৰে সোধক। মই আপোনাৰ হাত খন ধৰি থাকিলে বেয়া পাব নেকি? এনে ধৰণে প্ৰশ্ন কৰিলে আপুনি বুজি পাব প্ৰকৃততে কেনে ধৰণৰ সাহাচৰ্য্য তেওঁলোকে আপোনাৰ পৰা বিচাৰিছে। তেওঁলোকক বুজাই দিবলৈ পাহৰি নাযাব যে আপুনি তেওঁলোকৰ ভালৰ বাবেই তাত আছে আৰু তেওঁলোকে আপোনাৰ ওপৰত ভৰসা কৰিব পাৰে।

আপুনি নিজৰ মত যাতে তেওঁলোকৰ ওপৰত জাপি নিদিয়ে সেয়া নিশ্চিত কৰক

আপোনাৰ প্ৰিয়জনৰ লগত কথা-বতৰা পাতোতে মন কৰিব আপোনাৰ কথাত যাতে কোনো ধৰণৰ আদেশৰ সুৰ বা ৰুক্ষতা নাথাকে। আদেশৰ সুৰত কথা পাতিলে তেওঁ আপোনাক উভটি ধৰাৰ সম্ভাৱনা আছে। ‘উৎসাহী হোৱা’, ‘তুমি বহুত মানুহতকৈ ভাল’ ‘তোমাৰ যি আছে তাতে কৃতজ্ঞ থাকা‘ --এনেধৰণৰ কথা কোৱা উচিত নহয়। তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাই কথা-বতৰা পাতিবলৈ আৰম্ভ কৰক, তেওঁক লৈ উৎসুকতা দেখুৱাওক। যিমান কথা ক’বলৈ বিচাৰে কবলৈ দিয়ক, কথাৰ মাজত বাধা নিদিব। মনত ৰাখিব কোনো কোনো সময়ত তেওঁৰ প্ৰতি দেখুওৱা মনোযোগ আৰু সহানুভূতিয়ে তেওঁক ডাঙৰ সকাহ দিব পাৰে।

সহানুভূতি বনাম সহমর্মিতা

এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ বা কোনো এক কাল্পনিক চৰিত্ৰৰ বা আৱেগ অনুভূতিৰ সমভাগী হ’ব পৰা ক্ষমতাক সহমর্মিতা (এমপেথি) বুলি ক’ব পাৰি। (কাৰ্ল ৰ’জাৰছ, ব্ৰেনে ব্ৰাউন)। আনহাতে আমি আমাৰ এই আৱেগক প্ৰায়ে সহানুভূতি ( আনৰ প্ৰতি অনুকম্পা প্ৰকাশ কৰা অনুভূতি, বেদনা বা কোনো ব্যক্তিয়ে সন্মুখীন হোৱাৰ কষ্টৰ বাবে তেওঁৰ প্ৰতি প্ৰকাশ কৰা পুতৌ) বুলি ভুল কৰো, কিন্তু দুয়োটাৰ মাজত এটা মৌলিক প্ৰাৰ্থক্য আছে। আনৰ মানসকি অৱস্থা উপলব্ধিৰ অৰ্থ (এমপেথি) হৈছে নিজে সেই ব্যক্তিজনৰ সমস্যা বা মানসিক অৱস্থাটোৰ সৈতে একাত্ম হোৱা। আপোনাৰ প্ৰিয়জন কেনে অৱস্থাত আছে তাক বুজি পোৱাৰ বাবে এই প্ৰাৰ্থক্যটো বুজাটো গুৰুত্বপূৰ্ণ।

তেওঁৰ কথা শুনি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতকৈ কথাবোৰ গভীৰভাৱে মনোযোগেৰে শুনি বুজিবলৈ যত্ন কৰক

আপোনাৰ প্ৰিয় জনক নানা উপদেশ, পৰামৰ্শ দিবলৈ যোৱাৰ সলনি বা তেওঁ কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতকৈ তেওঁলোকৰ কথাবোৰ গভীৰ মনোযোগেৰে শুনি বুজিবলৈ যত্ন কৰিলেহে আপুনি আপোনাৰ প্ৰিয়জনৰ মনৰ অৱস্থা বা দৃষ্টিভংগী বুজি পাব। আপোনাৰ হয়তো তেওঁৰ ভুলবোৰ আঙুলিয়াই দিবলৈ মন যাব পাৰে, কিন্তু তেনে কৰাৰ পৰা আঁতৰি থাকক। যিহেতু আপোনাৰ বন্ধুৰ তেনে কথা শুনিব পৰা মানসিক অৱস্থান নাথাকিব পাৰে।

আপোনাৰ সমস্যাৰ লগত তুলনা কৰি তেওঁলোকৰ সমস্যাবোৰ গুৰুত্বহীন কৰি নুতুলিব

এনেলোকৰ লগত কথা-বতৰা পাতোতে আমি প্ৰায়ে অনুভৱ কৰো যে আমাৰ নিজৰো অনুৰূপ ধৰণৰ সমস্যা আছে। আমি তেতিয়া নিজৰ সেই কাহিনীবোৰৰ প্ৰতি তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰো। এনে কৰিলে আপোনাৰ প্ৰিয়জনে আপুনি তেওঁৰ সমস্যাবোৰ গুৰুত্বহীন কৰি পেলোৱা যেন অনুভৱ কৰিব পাৰে।

তেওঁলোকক আশ্বস্ত কৰক যে তেওঁলোক অসহায় নহয়

তেওঁলোকক দঢ়াই দঢ়াই কওক যে কথাবোৰ এতিয়া জটিল যেন লাগিলেও ই সদায় একে অৱস্থাত নাথাকে। এই অৱস্থাৰ পৰিৱৰ্তন সম্ভৱ আৰু এদিন নিশ্চিতভাৱে সুদিন আহিব। তেওঁলোকক জনাওক যে আৰোগ্য লাভৰ ক্ষেত্ৰত আনৰ সহায় বিচৰাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁলোকক কওক যে তেওঁলোকৰ সমস্যাৰ বিষয়ে মনোৰোগ বিশেষজ্ঞৰ সৈতে কথা পতা ভাল হ’ব, যিহেতু এজন মানসিক ৰোগৰ চিকিৎসক বা পৰামৰ্শদাতাই এনে পৰিস্থিতিত চম্ভালিবলৈ ভালদৰে প্ৰস্তুত হৈ থাকে। আপোনাৰ বন্ধুৰ নিকটৱৰ্তী তেনে কোনো বিশেষজ্ঞৰ বিষয়ে বা সেই সম্পৰ্কীয় অন্য তথ্যৰ বাবে আপুনি অনলাইনত তথ্য বিচাৰিব পাৰে। কেৱল সেয়াই নহয়, আপুনি তেওঁক মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ যাওঁতে সংগ দিম বুলিও ক’ব পাৰে। এনে কৰিলে তেওঁলোকৰ মনোবল বাঢ়িব পাৰে আৰু আশ্বস্ত অনুভৱ কৰিব পাৰে।

ধৈৰ্যশীল হওক

এই সময়ছোৱাত আপোনাৰ প্ৰিয়জনে অভব্য আচৰণৰ কৰাৰ সম্ভাৱনাও থাকে। মানসিক অসুস্থতাত ভোগা লোকসকলৰ প্ৰায়ে মেজাজ সলনি হৈ থাকে। গতিকে আপোনাৰ বন্ধুৱেও কোনোবা এদিন যদি অস্বস্তিকৰ আচৰণ কৰে, তেতিয়া জানিব যে আপুনি কৰা কোনো কামৰ কাৰণে তেওঁ আপোনাৰ সৈতে এনে আচৰণ কৰা নাই। তেওঁৰ নিজৰ মানসিক অৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱাৰ বাবেই হয়তো তেনে হৈছে। এনে আচৰণক অন্যধৰণে বা ব্যক্তিগত আক্ৰমণ বুলি ধৰি নল’ব। মনত ৰাখিব যে আপোনাৰ প্ৰিয়জনৰ মানসিক অসুস্থতাই তেওঁলোকৰ আচৰণ বা কথন শৈলীত প্ৰভাৱ পেলাব পাৰে। একে সময়তে আপোনাৰ নিজৰ মানসিক স্বাস্থ্য তেওঁলোকৰ সমানেই দৰকাৰী গতিকে আপুনি তেওঁলোকৰ সৈতে নিজক কিমানলৈকে একাত্ম কৰিব তাৰ এটা সীমাৰেখা নিৰ্ধাৰণ কৰক।

পিছৰ পৰ্যায়তো তেওঁলোকৰ খবৰ ৰাখক

আপুনি তেওঁলোকৰ লগত পতা কথা-বতৰা বিশেষ ফলদায়ক হ’ব পাৰে। কিন্তু তাৰ পিছৰ পৰ্যায়ত তেওঁলোকৰ নিয়মীয়াকৈ খবৰ ৰখাটো সমানে দৰকাৰী। আপোনাৰ নিজৰ ব্যস্ততাৰ কাৰণে হয়তো প্ৰতিদিনে আপুনি তেওঁৰ লগত আৱেগভৰা দীঘলীয়া বাৰ্তালাপ কৰা সম্ভৱ নহ’ব পাৰে, কিন্তু কেনে আছে জানিব বিচাৰি প্ৰেৰণ কৰা এটা সৰু ম’বাইল বাৰ্তাই তেওঁলোকক সকাহ দিব পাৰে। তেওঁলোকে অনুভৱ কৰিব পাৰে যে তেওঁলোক অকলশৰীয়া নহয়, তেওঁলোকৰ সহায়, সাহাচৰ্য্য কৰা, যত্ন লোৱা কোনো লোক আছে।

X